01/11/2023 - 11:53
in
শালবাৰীঃ ভোগালী বিহুলৈ মাজত মাথো কেইদিনমান দিন৷ সমাগত ভোগালী বিহুক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যবাসী৷ ৰাজ্যৰ চৌদিশে আটোমটোকাৰীকৈ সাজি উলিয়াইছে মেজি আৰু ভেলাঘৰ৷ পিছপৰি থকা নাই বাক্সা বাৰাপেটাবাসীয়েও৷ বাক্সাৰ বাৰাপেটা আমগুৰী গাঁৱত সাজি উলিওৱা হৈছে এটি প্ৰায় ৫৫ ফুট উচ্চতাৰ মেজি৷ গাঁওখনৰ নংসিহ নামঘৰ প্ৰাংগণত কিশোৰসকলে লগ হৈ সাজি উলিয়াইছে প্ৰকাণ্ড মেজিটো৷ পহিলা মাঘৰ দিনা গাঁৱৰ সমূহ ৰাইজৰ উপস্থিতিত মাংগলিক ৰীতি নীতিৰে বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা অগ্নিসংযোগ কৰাব মেজিটোত৷ গাঁওখনৰ কিশোৰসকলৰ পৰম্পৰাক ধৰি ৰখাৰ এই প্ৰচেষ্টাক একেমুখে শলাগ লৈছে গাঁওবাসীয়ে৷