বৰপেটাৰোডত মৰেল পুলিচগিৰি: তিনি সন্তানৰ মাতৃক বিয়া পাতি দিলে প্ৰেমিকৰ সৈতে

 06/17/2019 - 21:06

বৰপেটাৰোড: বৰপেটাৰোডৰ নিকটৱৰ্তী বৰ্মনপাৰাত এক চাঞ্চল্যৰ ঘটনা সংঘটিত হৈছে৷ তিনিটাকৈ সন্তানৰ মাতৃ আৰু স্বামী থকাৰ পাছতো অইন এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক স্হাপন কৰি চলাই আহিছিল অনৈতিক কাৰ্য ৷ বিবাহিত মহিলাগৰাকীৰ ঘৰতেই দীৰ্ঘদিনৰে পৰাই প্ৰেমিক সমীৰ দেৱনাথে চলাই আহিছিল অনৈতিক কাৰ্য৷ অনৈতিক কাম কৰি থাকোতেই হাতে লোটে ধৰি দুয়োকে উত্তম মাধ্যম দি দুয়োকে খুটিত বান্ধি ৰাখে৷ তাৰ পাছত দুয়োৰে মাজত বিবাহ কাৰ্য সম্পাদন কৰি দিয়ে মৰেল পুলিচৰূপী একাংশ মহিলা আৰু যুৱকে৷ খবৰ মতে অইন দিনাৰ দৰে তিনি সন্তানৰ মাতৃ তথা বিবাহিত মহিলা প্ৰেমিকাৰ বৰ্মনপাৰাৰ ঘৰত অনৈতিক কাৰ্য কৰিবলৈ প্ৰেমিক সমীৰ দেৱনাথে উপস্থিত হৈছিল৷ মহিলা প্ৰেমিকাৰ ঘৰত স্বামী আৰু সন্তান নথকাৰ সুযোগলৈ প্ৰেমিক সমীৰ দেৱনাথে তিনি সন্তানৰ মাতৃ প্ৰেমিকাৰ লগত চলাইছিল অনৈতিক কাৰ্য৷ ঠিক তেনে সময়তে স্হানীয় একাংশ মহিলা আৰু যুৱকে দুয়োকে অনৈতিক কাম কৰি থাকোতেই হাতে লোটে ধৰি দুয়োকে উত্তম মাধ্যম দি দুয়োকি খুটিত বান্ধি ৰাখে৷

প্ৰেমিক আৰু বিবাহিত মহিলাৰ এই দৃশ্য কেমেৰাত আৱদ্ধ কৰিছিল বৰ্মনপাৰাৰ যুৱকেই৷ স্হানীয় একাংশ মহিলা আৰু যুৱকে প্ৰেমিক সমীৰ দেৱনাথৰ পিন্ধনত মাত্ৰ জাঙিয়াটো ৰাখি খুটিত বান্ধি ৰাখে৷ স্হানীয় একাংশ মহিলা আৰু একাংশ যুৱকে বিবাহিত মহিলা গৰাকীৰ স্বামী আৰু তিনিটাকৈ সন্তান থকাৰ পাছতো দুয়োকে বিবাহ পাশত আবদ্ধ হ'বলৈ বাধ্য কৰে৷ প্ৰেমিক সমীৰ দেৱনাথ আৰু বিবাহিত মহিলাগৰাকী বঙালী হিন্দু সম্প্ৰদায়ৰ হোৱা হেতুকে হিন্দু ধৰ্মৰ নিয়ম অনুসাৰে পূৰ্বৰ স্বামী আৰু সন্তান থকাৰ উপৰি প্ৰেমিক সমীৰ দেৱনাথৰ হতুৱাই মহিলাগৰাকীৰ কপালত সেন্দুৰ পিন্ধাই পত্নীৰ মৰ্যাদা দিবলৈ ধমকি প্ৰদান কৰে৷ দুডাল মালা আনি প্ৰেমিক সমীৰ দেৱনাথ আৰু বিবাহিত মহিলা প্ৰেমিকাৰ গলত ইজনে সিজনক পিন্ধাই দিবলৈও বাধ্য কৰোৱা দেখা যায় ৷

সিন্দুৰ আৰু মালা দুডাল স্হানীয় একাংশ মহিলা আৰু একাংশ যুৱকেই যোগান ধৰা বুলিও দৃশ্যমান হৈছে৷ প্ৰেমিক সমীৰ দেৱনাথ আৰু তিনিটাকৈ সন্তানৰ মাতৃ তথা নিজৰ পূৰ্বৰ স্বামী থকাৰ পাছতো খুটাত বান্ধি বিবাহ কাৰ্য সম্পাদন কৰিছে একাংশ মহিলা আৰু যুৱকে৷ এই ভিডিও বৰ্তমান ভাইৰেল হৈ পৰিছে বৰপেটাৰোডত৷ কিন্তু এই ভাইৰেল ভিডিঅ'টো বৰপেটাৰোডৰ নিকটৱৰ্তী বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বঙালী হিন্দু প্ৰদান অঞ্চল বৰ্মনপাৰাৰ৷ সোমবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা৷ কিন্তু অতি আশ্চৰ্যকৰ কথা এই যে সভ্য সমাজত একাংশ মৰেল পুলিচে মহিলা গৰাকীৰ স্বামী আৰু তিনিটাকৈ সন্তান থকাৰ পাছতো এইদৰে খুটিত বান্ধি কিদৰে বিবাহ কাৰ্য সম্পাদন কৰিবলৈ শাসক পালে সেইলৈও প্ৰশ্ন উত্থাপন হৈছে৷

অঞ্চলটোত এখন সমাজ আছে তাৰোপৰি অসমত আইন কানুনো আছে৷ ইয়াৰ পাছতো এইসকল মৰেল পুলিচে কিদৰে খুটিত বান্ধি নিৰ্যাতন চলাই সেন্দুৰ আৰু মালা পিন্ধাই বিবাহিত মহিলাৰ বিবাহ কাৰ্য অবিবাহিত প্ৰেমিকৰ লগত সম্পাদন কৰিবলৈ পালে সেইলৈও প্ৰশ্ন উত্থাপন কৰিছে একাংশ লোকে৷ এনে মৰেল পুলিচৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লবলৈ শাসক গোটাব পাৰিবনে সেইলৈও প্ৰশ্ন উত্থাপন হৈছে ৷ ইপিনে এই ঘটনা সংঘটিত হোৱাৰ পাছত গোৱৰ্ধনা আৰক্ষীয়ে প্ৰেমিক সমীৰ দেৱনাথক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।