কৰিমগঞ্জ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সপ্তাহ

 01/11/2023 - 13:37
 
 
 
কৰিমগঞ্জঃ ৰাইজক সজাগতাৰে পথ সুৰক্ষা সপ্তাহ। ৰাজ্যৰ আন আন ঠাইৰ লগতে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ উদ্যোগত এক সপ্তাহ ব্যাপী পথ সুৰক্ষাৰ বাবে এক সজাগতামূলক সভাৰ লগতে এক বাইক ৰেলিৰ আয়োজন কৰা হয়। ৰেলিটো আবৰ্ত ভৱনৰ পৰা যাত্ৰা আৰম্ভ কৰি চহৰৰ প্ৰধান প্ৰধান ৰাজপথ পৰিক্ৰমা কৰে। ৰেলিত আৰক্ষীৰ লগতে স্থানীয় ৰাইজে ও ভাগ লয়। পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰ ফালৰ পৰা ৰাইজক সজাগতাৰ লক্ষ্যৰে এই আয়োজন কৰা হয়।
 
ৰেলিত উপস্থিত থাকে অসম পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, জিলা উপায়ুক্ত মৃদুল যাধব, আৰক্ষীক পদ্মনাভ বৰুয়া, পৰিবহন আধিকাৰিক তপাদাৰ, পূৰ্ত বিভাগৰ অভিযন্তা নিৰঞ্জন ৰয় সহ প্ৰমূখ। পৰিবহন আধিকাৰিকে চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা ৰাইজৰ আগতে জনাই। কোনোবা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যিজন লোকে সেই দুৰ্ঘটনাগ্ৰস্ত লোক গৰাকীক চিকিৎসালয় লৈ আনিব তেওঁক চৰকাৰৰ ফালৰ পৰা দিয়া হব পাঁচ হাজাৰ টকাৰ পুৰষ্কাৰ দিয়া হ’ব।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।