ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ পুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

 01/11/2023 - 14:21
 
 
 
 
ঢকুৱাখনাঃ ঐতিহাসিক ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ পুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এক স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান। আজি দ্বিতীয় দিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ ভিতৰত এইবছৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ পুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ স্মাৰক বঁটা। মেধাৱী ছাত্র-ছাত্ৰী কেইগৰাকীক গামোচা, গ্ৰন্থৰ টোপোলা, সফুৰা, অভিনন্দন পত্ৰ, নগদ ধন আৰু এটা সোণৰ পদক প্ৰদান কৰা হয়। লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ ড০ দেৱজিৎ শইকীয়া, লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।