জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ আৰু যুৱ মহোৎসৱৰ মূল সভা সম্পন্ন

 01/11/2023 - 18:48
 
 
 
জামুগুৰিহাটঃ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৯ সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহ আৰু যুৱ মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ এই উপলক্ষে আয়োজিত মুকলি সভাত মুখপত্ৰ উন্মোচন কৰি ভাষন প্ৰসংগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কবিতা আবৃত্তিৰ লগতে নাটকৰ সংলাপ পৰিৱেশন কৰি সকলোৰে মন আপ্লুত কৰে৷ জামুগুৰিহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানটিৰ বিদ্যালয় সপ্তাহ আৰু যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশিত “অংকুৰ ”নামৰ মুখপত্ৰ খনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা সোতৰ খনকৈ আলোচনী আৰু দুখনকৈ প্ৰাচীৰ পত্ৰিকাও   আজি উন্মোচন কৰে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয় সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই৷ বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতৰ সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিৰ আঁত ধৰে বিদ্যালয়ৰ শৈক্ষিক সমিতিৰ মুৰব্বী শিক্ষক নিতুমনি বৰাই৷ নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰে মাধৱদেৱ  বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক গৌতম কাকতি আৰু বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে শোনিতপুৰ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাসে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।