01/18/2023 - 16:00
in
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত অহা ৬,৭, ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ'বলগা ঐতিহ্যমণ্ডিত বাৰেচহৰীয় ভাওনা মহোৎসৱৰ বাবে ককালত টঙালি বান্ধিছে জামুগুৰিয়া ৰাইজে। ইতিমধ্যে ভাওনা মহোৎসৱৰ বাবে গঠন কৰি দিয়া মূল সমিতিৰ লগতে উপ সমিতি সমুহেও তেওঁলোকৰ কাম-কাজ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে উদযাপন কমিটিয়ে সুদূৰ সৰ্থেবাৰীৰ পৰা ক্ৰয় কৰি অনিছে ৯৮ যোৰ তাঁল।
সৰ্থেবাৰীৰ খগেণ পাঠক নামৰ শিল্পী গৰাকীয়ে নিজৰ শালত নিজা হাতে তৈয়াৰ কৰি উলিওৱা বৰতাঁল, ভোৰ তাঁল, খোল তাঁল আৰু গায়ন বায়ন তাঁলকে ধৰি সৰ্বমুঠ ৯৮ যোৰ তাঁল উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ হাতত অৰ্পণ কৰে। ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱত এইবাৰ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াৰ স্বাৰ্থ আগত ৰাখি বাৰেচহৰীয়া ভাওনা কমিটিয়ে মহোৎসৱৰ বাবে নিজা ববিয়াকৈ গায়ন বায়নৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ইতিমধ্যে এশৰো অধিক দেৱ বাদ্য খোল ক্ৰয় কৰাৰ কথা জানিবলৈ দিছে উদযাপন সমিতিয়ে।