01/18/2023 - 16:38
in
চাপৰঃ সমাজত বাল্য বিবাহ হৈ পৰিছে এক অভিশাপ। বাল্যবিবাহৰ জৰিয়তে বহু ফুলকুমলীয়া যুবতীয়ে ধংশ হ’বলগা হৈছে। লগতে নিচাজাতীয় সামগ্ৰী সেৱন কৰি বহু যুৱক-যুৱতীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে।
বাল্য বিবাহ আৰু নিচাজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ প্ৰাংগণত স্বৰগম গোষ্ঠীৰ উদ্যোগত আৰু মাল্টি মিডিয়া প্ৰেছ ক্লাবৰ সহযোগত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে।
উক্ত বাটৰ নাটৰ জৰিয়তে বাল্যবিবাহৰ ফলত কি ক্ষয়-ক্ষতি হয় আৰু নিচাজাতীয় সামগ্ৰী সেৱন কৰিলে ভবিষ্যতত কি হয় সেয়া দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে বাল্যবিবাহ বন্ধ কৰক আৰু নিচাজাতীয় সামগ্ৰী সেৱন কৰা বন্ধ কৰি ধ্বনিৰে সজাগ কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজক৷