চতিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

 01/19/2023 - 20:26
 
 
 
 
জামুগুৰিহাটঃ চতিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি উলহ-মালহৰে পালন কৰা হয়। মহাবিদ্যালয় খনিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত দুখনকৈ তোৰণ উন্মোচন কৰা হয় প্ৰয়াত মুক্তি যোদ্ধা গুণধৰ হাজৰিকাৰ স্মৃতিত তেখেতৰ পুত্ৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়া মহাবিদ্যালয়ৰ মুখ্য তোৰণখন নিৰ্মাণ কৰে আৰু সেই তোৰণখন উন্মোচন কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ‌ই। চতিয়া সমষ্টিৰ প্ৰয়াত বিধায়ক ৰৱিন শ‍ইকীয়াৰ স্মৃতিত চতিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ আন এখন তোৰণ উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই। তোৰণ উন্মোচনৰ পাছতে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.অজিত হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা।ৰাজহুৱা সভাত প্ৰয়াত মুক্তি যোদ্ধা গুণধৰ হাজৰিকাৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড°ৰাণী হাজৰিকা কাকতিয়ে। ৰাজহুৱা সভাত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুকলি সভাত চতিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ জড়িত লোক সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। চতিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই চতিয়া কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদিপ মেধিক ৰাজহুৱা ভাৱে বিদায় সম্বৰ্ধনা জনাই। আজিৰ অনুষ্ঠানতে চতিয়ালৈ বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা শমিষ্ঠা বৰমদৈ,ভবাৰ্ণৱ শ‌ইকীয়া আৰু কুশ জ্যোতি গগৈক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।                               
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।