কামপুৰত শিশুৰ সলিল সমাধি

 06/17/2019 - 21:31

কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত কচুৱা ৰমনি পথাৰত অঘটন৷ বৰপানী নদীত গা ধুবলৈ  গৈ সলিল সমাধি ঘটে এটি শিশুৰ৷ আজি দুপৰীয়া লগৰীয়া ছোৱালীৰে বৰপানী নদীত গা ধুবলৈ যায় ইনা বেগম নামৰ ১১ বছৰীয়া শিশুটি৷ গা ধুই উভতি অহাৰ সময়ত শিশুটি পুনৰ আৰু এটা ডুব মাৰি পানীৰ তলত সোমাই যায়৷ পানীৰ তলৰ পৰা উঠি নহাত নদীৰ পাৰত থকা লগৰীয়া ছোৱালীয়ে কান্দিব ধৰে৷

খবৰটো বনজুইৰ দৰে সৰ্বত্ৰে প্ৰচাৰিত হোৱাত কামপুৰৰ পৰা ডুবাৰু দল এটা আহি নদীত অভিযান চলাই বিয়লি ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ গেৰজাইপামৰ ইমৰান হুচেইনৰ জীয়েক তথা শংকৰদেৱ শিশু নিকেতনৰ  পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল ইনা  বেগম৷ অমায়িক ছাত্ৰীগৰাকীৰ কৰুন মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।