ছিট বেল্ট পৰিধান নকৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকে

 01/21/2023 - 14:32

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকে ভৰিবলগীয়া হ’ল জৰিমনা। চলন্ত বাহনত বহি ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ বনোৱাৰ সময়ত ঋষি সোনাকে লগোৱা নাছিল ছিটবেল্ট। যাৰ ফলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৰিবলগীয়া হ’ল জৰিমনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু কৈছে যে এয়া তেওঁৰ ভুল আছিল। তেওঁ ইয়াৰ বাবে ক্ষমা বিচাৰি জৰিমনা ভৰিব বুলিও কয়। উল্লেখযোগ্য যে ব্ৰিটেইনত ছিটবেল্ট নলগোৱা যাত্ৰীক ১০০ পাউণ্ডৰ জৰিমনা বিহা হয়। যদি এই গোচৰ আদালতৰ মজিয়া পায় তেন্তে এই জৰিমনাৰ পৰিমাণ ৫০০ পাউণ্ডলৈ বৃদ্ধি হ’ব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.