ক্ৰিকেটাৰৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা

 01/22/2023 - 14:43
 
 
 
 
 
জামুগুৰিহাটঃ শনিবাৰে নিশা হাতত বেট আৰু বল লৈ এজন ক্ৰিকেটাৰৰ ৰূপত দেখা গ’ল চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাক৷ কিছুসময়ৰ বাবে ক্ৰিজত থাকি এফালৰ পৰা তেওঁ কোবাই গ’ল কেবাটাও বল৷ আনকি এজন দুৰ্দান্ত বেটছমেনৰ দৰে বহুসময় ক্ৰিজত নিজৰ বিৰত্ত ও প্ৰদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে৷ এজন অলৰাউণ্ডাৰৰ দৰে ইয়াৰ পিছতে তেওঁ হাতত তুলি ললে বল৷ নিজৰ দুহাতেৰে ক্ৰিকেট ফিল্ডত স্প্ৰীঙৰ যাদু দেখুৱাই আচৰিত কৰি তুলিলে ক্ৰিকেটপ্ৰেমীক৷ হয় শনিবাৰে নিশা এনেদৰেই এজন অলৰাউণ্ডাৰৰ ৰূপত দেখা গল বিধায়ক পদ্ম হাজৰিকাক৷ জামুগুৰিহাটৰ ঐতিহাসিক মৰনাকুৰি গাৱঁত তিনিদিনীয়াকৈ আৰম্ভ হোৱা দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগীতাখনি উদ্বোধন কৰি কিছু সময়ৰ বাবে এজন অলৰাউণ্ডাৰ ক্ৰিকেটাৰৰ ৰূপত অবতীৰ্ণ হল বিধায়ক পদ্ম হাজৰিকা৷ কিছুসময়ৰ বাবে ৰাজনীতিৰ পৰা আতৰি থাকি বিধায়ক গৰাকী হাহি ফুৰ্টিৰে মচগুল হৈ পৰিল ক্ৰিকেটৰ মাজত৷ উল্লেখ্য যে জামুগুৰিহাটৰ ঐতিহাসিক মৰনাকুৰি গাঁৱত একেলেঠাৰীয়ে প্ৰায় বিশ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এখনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগীতা। মৰনাকুৰি জ্ঞানজোতি সংঘই অনুষ্ঠিত কৰা এই প্ৰতিযোগীতা খনি শনিবাৰে শুভাৰম্ভ হয়৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই দিবা নৈশ খেলখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্দ্ধশতাধিক দলে অংশগ্ৰহণ কৰে৷ মনকৰিবলগীয়া যে খেলখনি উদ্বোধনৰ পূৰ্বে বিধায়ক গৰাকীয়ে কন্যাকা বহুমুখী পামৰ নামত জ্ঞানজোতি সংঘই উলিওৱা এটি ভিদিঅ বুটাম টিপি মুকলি কৰে৷ 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।