ৰঙিয়াৰ ডিলাইট চিনেমা হলত ‘পাঠান’ চিনেমা চাবলৈ দৰ্শকৰ ভিৰ

 01/25/2023 - 13:34
 
 
 
 
 
ৰঙিয়াঃ অভিনয় জগতৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে অভিনয় কৰা বহু চৰ্চিত ‘পাঠান’ চিনেমা চাবলৈ ৰঙিয়াৰ ডিলাইট চিনেমা হ'লত দৰ্শকৰ ভিৰ। ‘পাঠান’ চিনেমা মুক্ত পোৱাৰ লগে লগে  উৎফুল্লিত দৰ্শকে ৰঙিয়াৰ উক্ত চিনেমা হলৰ সন্মুখত কেককাটি চিনেমা চাবলৈ প্ৰৱেশ কৰে। জানিব পৰামতে পাঠান চিনেমাখন মুক্তি পোৱাৰ আগতে তিনিদিনৰ বাবে আগতিয়াকৈ টিকট শেষ হোৱাত অধিকাংশ দৰ্শকে চিনেমাখন চোৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে।
 
গুৰুত্বপুৰ্ণ বিষয়টো হ’ল যে হিন্দুত্ববাদী সংগঠনে ‘পাঠান’ চিনেমাখন বইকট কৰিবলৈ আহ্বান জনোৱাৰ সময়তে এনেদৰে চিনেমা হল সমুহত ‘পাঠান’ চিনেমাৰ বাবে ভিৰ কৰা বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানে ‘পাঠান’ চিনেমা চলি থকাৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে ৰাজ্যৰ আৰক্ষী অধিক্ষক সকলক নিৰ্দেশ দিছিল। এনে নিৰ্দেশৰ পিচতে ৰঙিয়াটো চিনেমা হলৰ সন্মুখত আৰক্ষী আৰু আৰ্ধসামৰিক বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।