খগেন্দ্ৰ কুমাৰ সৰকাৰক প্ৰশস্তি পত্ৰ প্ৰদান

 01/25/2023 - 15:45
 
 
গুৱাহাটীঃ গোৱালপাৰা জিলা বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত লক্ষীপুৰ আঞ্চলিক বাঙালী যুব ছাত্ৰ ফেডাৰেচন তথা লক্ষীপুৰ আঞ্চলিক বাঙালী মহিলা ফেডাৰেচনৰ সহযোগত যোৱা  ২৩ তাৰিখ সোমবাৰে লক্ষীপুৰ থানামোড় খেলপথাৰত নিতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ তম জন্মজয়ন্তী ব্যাপক প্ৰস্তুতিৰে পালন কৰা হয়৷
 
এই অনুষ্ঠানত অসমৰ সমাজ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা গোৱালপাৰা জিলাৰ লাউডোবাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসমৰ জনপ্ৰিয় ৱেব মিডিয়া পাব্লিছ প্ৰেছৰ দ্বাৰা সাহিত্যৰথী সন্মান -২০২২ বঁটা প্ৰাপ্ত সাহিত্যক খগেন্দ্ৰ কুমাৰ সৰকাৰক এখন প্ৰশস্তি পত্ৰ, চেলেং আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় লক্ষীপুৰ আঞ্চলিক বাঙালী যুব ফেডাৰেচনৰ ফালৰ পৰা৷ উল্লেখযোগ্য যে অসমৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে খগেন্দ্ৰ কুমাৰ সৰকাৰক বিভিন্ন বঁটাৰে ইতিমধ্যে সন্মানিত কৰিছে৷
 
নিৰলসভাৱে সমাজসেৱা আৰু সাহিত্যচৰ্চা কৰা সৰকাৰে বহুকেইখন গ্ৰন্থৰ ওপৰি কবিতা পুথি ৰচনা কৰিছে৷ তাৰ ভিতৰত সোনালী দেশৰ চমু ভ্ৰমণ সাৰথি, ধৰ্মতত্ত ও বৈষ্ণৱ সমাজ, ৰাসক্ৰীড়া আৰু ইয়াৰ তাৎপৰ্য, পোহৰ, মিলন, স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী, ইংলিছ গ্ৰামাৰ এন্ড কমপোজিচন ইত্যাদি অন্যতম৷ ইয়াৰ ভিতৰত স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী নামৰ ব্যৱহাৰিক পুথিখনৰ বাবে ইতিমধ্যে অসম চৰকাৰে সৰকাৰক স্বীকৃতি প্ৰদান কৰিছে৷ 
 
এই অনুষ্ঠানত খগেন্দ্ৰ কুমাৰ সৰকাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয় “বিশ্ববৰেণ্য নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে আমি চলা উচিত৷ আমি ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ ওপৰিও সত্য পথেৰে চলিবলৈ আধ্যাত্মিক জ্ঞানৰ শিক্ষা দিয়া উচিত৷”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।