ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব জামুগুৰিহাটৰ নিশামনি, কঠোৰ অনুশীলনত ব্যস্ত নিশামনি

 01/25/2023 - 17:10
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ বহু কণ কণ শিশুৰপৰা কিশোৰ-কিশোৰী সকললৈকে সমৰকলাৰ প্ৰশিক্ষণ দি ৰাজ্যিক পৰ্যায়ত বহু পদক বুটলিবলৈ সক্ষম হোৱা জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ এগৰাকী প্ৰশিক্ষাৰ্থী নিশামনি বৰাই এইবেলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতাত অসমৰ হৈ অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে৷ ইয়াৰ বাবেই উৎফুল্লিত হৈ পৰিছে একাডেমীটোৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো৷ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্য্যায়ৰ বাঁচনি প্ৰতিযোগীতাত সফলতা অৰ্জন কৰি জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ এইগৰাকী নিশামণি বৰাই তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতাত অংশগ্ৰহণৰ বাবে বাচনিভুক্ত হৈছে৷
 
যাৰ বাবে এইদৰেই প্ৰশিক্ষক কৌস্তভ বাৰুতি আৰু বিকিৰাজ বাৰুতিৰ তত্বাৱধানত বৰ্তমান কঠোৰ অনুশীলন ব্যস্ত হৈ পৰিছে সপ্তম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী নিশামণি৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি পদক লাভেৰে অসমলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যে সাহস আৰু প্ৰেৰণাৰ লগতে আশীৰ্বাদ দিবৰ বাবেই জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলেও এইদৰেই দৈনিক অনুশীলনৰ অন্তত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিশামণিক জনাইছে অভিনন্দন আৰু শুভেচ্ছা৷
 
অনুষ্ঠানটোত একাডেমীৰ অন্যান্য প্ৰশিক্ষাৰ্থীসকলেও সমৰকলা প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰি তোলে৷ উল্লেখ্য যে অহা মাহৰ শেষৰফালে তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই টাইকোৱাণ্ডো প্ৰতিযোগীতাত অসম দলৰ হৈ মুঠ ২৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব৷ আমিও আশা কৰিছো যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি ৰাজ্যখনলৈ প্ৰতিগৰাকী অসম সন্তানে সুনাম কঢ়িয়াই আনক৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।