ডুমডুমাৰ অৰোৰা হলতো প্ৰদৰ্শিত হ’ল বহু বিতৰ্কিত ছবি "পাঠান"

 01/25/2023 - 17:43
 
 
ডুমডুমাঃ বহু বিতৰ্কিত ছবি পাঠান আজি দেশৰ বিভিন্ন প্ৰান্তত মুকলি হ’ল। ৰাজ্যত পাঠান ছবিখন মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা বহু বিতৰ্কৰ অৱসান ঘটাই আজি ডুমডুমাস্থিত অৰোৰা চিনেমা হলতো মুক্তি লাভ কৰিলে শ্বাহৰুখ খান, জন আব্ৰাহাম, দীপিকা পাদুকন অভিনিত ছবিখনে। তাৰ বাবে আজি ডুমডুমা আৰক্ষীয়ে পুৱাৰে পৰা অৰোৰা চিনেমা হলৰ চৌহদত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছিল। শীৰ্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশ মৰ্মে ডুমডুমা আৰক্ষীয়ে আজি এইদৰে শান্তি-শৃংখলাৰে যাতে ছবিখন ডুমডুমা অৰোৰা চিনেমা হলত প্ৰদৰ্শিত হয় তাৰ ব্যৱস্থা কৰা বুলি ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, হিন্দুত্ববাদী সংগঠন বজৰং দলে চিনেমাখন প্ৰদৰ্শিত হবলৈ দিয়া নহব বুলি হুমকি দিয়াৰ পিচৰে পৰা সমগ্ৰ ৰাজ্যখনত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গ’ল|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।