মাজৰচৰ ছাত্ৰ ইউনিয়নৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

 01/25/2023 - 19:51
 
 
নগৰবেৰাঃ মাজৰচৰস্থিত ফখৰুদ্দিন আলি আহমেদ হাইস্কুল খেলপথাৰ প্ৰাংগণত আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সোণালী জয়ন্তী সমাৰোহ৷ আজি সম্পূৰ্ণ মাংঙ্গলিক কাৰ্যসূচীৰে মাজৰচৰ ছাত্ৰ ইউনিয়নৰ সভাপতি মোজাম্মেল হকে আনুষ্ঠানিকভাৱে সোণালী জয়ন্তী সমাৰোহৰ পতাকা উত্তোলনেৰে সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে৷
 
আৰু সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি পঞ্চাশ গৰাকী ব্যক্তিৰ দ্বাৰা প্ৰতীকি পতাকা উত্তোলন কৰা হয় ইয়াৰ পিছত দোৱায়ে মাগফিৰাৎ, বৃক্ষৰোপণ, বিনামূলীয়া স্বাস্থ্য শিৱিৰ মুকুলি, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, সাধাৰণ খেল-ধেমালি আদি অনুষ্ঠিত হয়৷ আজিৰে এই কাৰ্যসূচীত অঞ্চলতটোৰ ভালেসংখ্যক গণ্যমাণ্য ব্যক্তিৰ লগতে অঞ্চলটোৰ যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে৷ 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।