বাক্সাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

 01/26/2023 - 13:02
 
 
শালবাৰীঃ সমান্তৰালকৈ বাক্সাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগতো উদযাপন ৭৪ সংখ্যক গণৰাজ্য দিৱস৷ সেই উপলক্ষে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি লক্ষ্যজ্যোতি দাসে তাৰ পিছতে জিলা প্ৰশাসনৰ লগতে স্থানীয় শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰে৷ লগতে ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰে৷ উল্লেখ্য যে গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জ্ঞাপন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।