কলগাছিয়াত গণৰাজ্য দিৱস উদযাপন

 01/26/2023 - 13:53
 
 
কলগাছিয়াঃ কলগাছিয়া ৰাজহুৱা খেলপথাৰত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয়| কলগাছিয়াৰ চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি চন্দনা বৰুৱা বিৰকামীয়া  উত্তোলন কৰে গণৰাজ্য দিৱসৰ পতাকা। নৱজ্যোতি মহাবিদ্যালয় তথা বিভিন্ন বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ লগতে NCC দ্বাৰা প্ৰদৰ্শিত কুজকাৱাজ গ্ৰহণ কৰে চক্ৰ বিষয়া গৰাকীয়ে। অনুষ্ঠানটোত জনীয়াৰ বিধায়ক ড০ ৰফিকুল ইছলাম, মুক্তিযোদ্ধা ৰামকুমাৰ দাসৰ লগতে অন্যান্য গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
 
এই অনুষ্ঠানত মুক্তি যুঁজাৰু ৰামকুমাৰ, অবৈতনিকভাৱে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা নৱনুৰ এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ছৰবেশ আলী, ঈশান নিউজৰ পৰা স্বৰ্গীয়া তৰুলতা ভট্টাচাৰ্য্য বিশেষ সাংবাদিকতা বঁটা প্ৰাপক কলগাছিয়া ঈশান নিউজৰ সাংবাদিক আবুল হুছেইন, জ্যেষ্ঠ সাংবাদিক আহমেদ হাচান আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১৮ বছৰ অনুৰ্ধৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা ফৰিদা খাতুনক মানপত্ৰ,শৰাই, জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।