শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটতো সৰস্বতী পূজা উদযাপন

 01/26/2023 - 18:58
 
 
 
বাহাৰঘাটঃ ব্যাপক উৎসাহ উদ্দিপনাৰে উক্ত শিক্ষানুষ্ঠানৰ লগতে বৰভাগ মহাবিদ্যালয়টো উদযাপন কৰে সৰস্বতী পূজা৷ ছাত্ৰ-ছাত্ৰীৰ পাৰভঙা উৎসাহ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখঘণ্টা, হৰিনামৰে উখল-মাখল পৰিবেশৰ মাজত উদযাপিত হয় বাগদেৱী সৰস্বতীৰ পূজা৷ সৰস্বতী পূজাৰ লগতে পূৱাই ৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্য্যসূচী ও পালন কৰে সকলো শিক্ষানুষ্ঠানে৷ চৌদিশে ভক্তি ৰসত গদগদ পৰিবেশ৷এফালে দেশভক্তি আনফালে বাগদেৱীৰ বন্দনাই সমগ্ৰ পৰিবেশটো উৎসৱ মুখৰ হৈ পৰিছে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।