আজিৰে পৰা কাকপথাৰ প্ৰেছ ক্লাবৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

 01/28/2023 - 18:25
 
কাকপথাৰঃ আজিৰে পৰা কাকপথাৰত আৰম্ভ হৈছে কাকপথাৰ প্ৰেছ ক্লাবৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজি পুৱা পৰাগ ভূঞা সোৱৰণি ক্ষেত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাতীগড় মোলানা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী চক্ৰেশ্বৰ মহন্তই। তাৰ পিছতেই পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্তই, স্মৃতি তৰ্পন কৰে প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল কলিতাই। স্বৰ্গীয় পৰাগ ভূঞা প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি সিমান্ত মৰাণে। মঞ্চ উদ্বোধন, চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলিৰ পিছতেই অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা। কাইলৈ অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত-পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্ত, লাটুমণিকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় শিল্পীয়ে। লগতে সাংস্কৃতিক সন্ধিয়াত বেহাৰবাৰী আউটপোষ্টৰ মোহন, মুকুটা, বিউটি বাইলুং উপস্থিত থাকিব বুলি অৰ্ভথনা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।