নাৰী দিৱসৰ লগত সংগতি ৰাখি নাজিৰাত ৰাজহুৱা সভা

 03/10/2023 - 18:29
 
 
 
নাজিৰাঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত বিহুবৰ গাঁও পঞ্চায়তত নাৰী দিৱস উপলক্ষে বিহুৱৰ ৰাইজৰ লগতে শিৱসাগৰ জিলা সমাজ কল্যান বিভাগ, Sibsager ongc foundation আৰু citizens foundation ৰ সহযোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। আয়োজিত সভাখনিত মহিলা সবলিকৰন, ছাত্ৰৰ সমান্তৰালকৈ ছাত্ৰীসকলেও লাভ কৰা সমান শিক্ষা, সমান স্বাধীনতা, সম মৰ্যাদা ইত্যাদি কিছুমান দিশৰ ওপৰত আলোচনা কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে দিহা নাম, বিহু নৃত্যৰে শুভ উদ্বোধন কৰা হয়; সমান্তৰালকৈ বিভিন্ন গৰাকীয়ে জিকিৰ, জেং বিহু, ঝুমুৰ ইত্যাদিৰে অনুষ্ঠানটি আৰু অধিক সুন্দৰ কৰি তোলে। উল্লেখযোগ্য যে নাজিৰাৰ বিভিন্ন স্থানত নাৰী সবলীকৰনৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বহুজনে বৰ্তমানৰ সময় বহুকেইখন সভা অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে।
 
 
 
     
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।