ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

 03/11/2023 - 13:08
 
 
 
 
ধুবুৰীঃ পোনপ্ৰথমবাৰৰ বাবে ধুবুৰীত অনুষ্ঠিত হোৱা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনলৈ নামতি আৰু আয়তিসকলে যুৱ মৰ্চাৰ ৰাজ্যিক কমিটিৰ সিদ্ধাঙ্কু অংকুৰ বৰুৱাকে ধৰি ৰাজ্যিক কমিটিৰ কাৰ্যকৰ্তাসকলক আদৰি নিয়ে। ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ থকা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভাখনৰ পূৰ্বে দলীয় পতাকা উত্তোলন কৰা হয়। সভাখনত বিজেপিৰ ৰাজ্যিক কমিটিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি অসমৰ প্ৰতিখন জিলাৰ যুৱ মৰ্চাৰ প্ৰতিনিধি বৰ্গ উপস্থিত আছে। 
উল্লেখ্য যে আজিৰ যুৱ মৰ্চাৰ এই কাৰ্যনিবাহক সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱাৰ উপৰিও অইন কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকাৰ কথা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।