ৰঙিয়াত আম আদমি পাৰ্টীৰ যোগদান কাৰ্য্যসূচী, কেইবাগৰাকী প্ৰাক্তন আছু নেতাৰ যোগদান

 03/11/2023 - 19:49
 
 
 লোকসভা নিৰ্বাচনৰ লগতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰায়বোৰ দলে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে ৰাজ্যত আম আদমি পাৰ্টিয়েও সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যৰে আজি দলটোৱে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সমষ্টিত আৰম্ভ কৰে এক যোগদান কাৰ্য্যসূচী। সমষ্টিটোৰ  বৈদ্যগড়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ লগতে বিভিন্ন অঞ্চলৰ কেইবাগৰাকী ব্যক্তিয়ে আম আদমী পাৰ্টিত যোগদান কৰে। যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী, উপসভাপতি  জিতুল ডেকাৰ লগতে দলটোৰ কেইবাগৰাকী মহিলা নেত্ৰী । 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।