ধুবুৰীৰ কান্দাৰ বজাৰত জৰুৱা বন্দিহানা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন

 03/13/2023 - 15:39
 
 
 
 
গৌৰীপুৰঃ যুগ যুগ ধৰি চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত ধুবুৰীৰ বৃহত্তৰ জৰুৱা-বন্দিহানা অঞ্চলৰ পদ্মেৰ আলগা, ডিমাতলা, জৰুৱাৰচৰ, মাজেৰ চৰ আদি অঞ্চলৰ ৰাইজক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ বাবে এখন চিকিৎসা শিবিৰৰ আয়োজন কৰিছে জৰুৱা বন্দিহানা সচেতন নাগৰিক মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। অহা ১৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিনামূলীয়া চিকিৎসা শিবিৰত উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়াব মেডিছিন বিশেযজ্ঞ ডঃ ছবিনুৰ লগতে বিভিন্ন বিভাগৰ চিকিৎসক। আজি এই কথা ঘোষণা কৰে সচেতন নাগৰিক মঞ্চৰ সভাপতি নজৰুল ইছলামে৷ তেওঁ সকলো শ্ৰেণীৰ লোকক শিবিৰত উপস্থিত থাকি সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।