মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব গ্ৰাম্য পৰ্য্যটন মেলা

 03/15/2023 - 11:58
 
 
 
 
শালবাৰীঃ প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ কাহিবাৰীত অহা ১৮ মাৰ্চৰ পৰা ১৯ মাৰ্চ তাৰিখলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গ্ৰাম্য পৰ্যটন মেলা।য'ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যৰে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শিত হ'ব অসমীয়া, বড়ো, চান্থালী আৰু বঙালীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সুকীয়া সুকীয়া খাদ্যসম্ভাৰৰ লগতে তেওঁলোকৰ স্বকীয় সাজ-পাৰ আৰু হাতে সজা বিভিন্ন সামগ্ৰী। সুকীয়া সুকীয়া বিপনীত প্ৰদৰ্শিত সামগ্ৰীসমূহ ইচ্ছুক ক্ৰেতা ৰাইজে ক্ৰয় কৰাৰো সুবিধা থাকিব।বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে এনেদৰে গ্ৰাম্য পৰ্যটন মেলা আয়োজনৰ কথা আজি জানিবলৈ দিলে বড়োলেণ্ড পৰ্যটন বিভাগৰ সঞ্চালক জয়ন্ত শৰ্মা আৰু বড়োলেণ্ড পৰ্যটন বিভাগৰ ও এচ ডি সনৎ কুমাৰ মহন্তই। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক জনসাধাৰণৰ মাজত আৰু অধিক পৰিচয় কৰাই দিয়াৰ লক্ষ্যেৰেই গ্ৰাম্য পৰ্যটন মেলা আয়োজনৰ বিষয়ে পৰ্যটন বিভাগৰ দুয়োগৰাকী বিষয়ববীয়াই  জানিবলৈ দিয়ে।অনুষ্ঠিত হ'বলগীয়া এই গ্ৰাম্য পৰ্যটন মেলাত বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ লগতে প্ৰশাসনীয় বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব বুলি দুয়োগৰাকী বিষয়ববীয়াই সদৰি কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.