শদিয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী দেউৰী গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ “গিৰা-গিৰাচি মেচ্চু” মহোৎসৱ

 03/15/2023 - 18:47
 
 
 
 ৰাজ্যৰ অন্যতম এটা ভূমিপুত্ৰ জনগোষ্ঠী দেউৰীসকল৷ আৰু এই দেউৰীসকলৰ এটা অন্যতম সাংস্কৃতিক জাতীয় মহোৎসৱ “গিৰা-গিৰাচি মেচ্চু”৷ দেউৰী সকলে উদযাপন কৰি অহা এই মহোৎসৱ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শদিয়াত অনুষ্ঠিত কৰিছে৷ দেউৰী সকলৰ “গিৰা-গিৰাচি মেচ্চু-২০২৩” বৰ্ষৰ ১৪ মাৰ্চ তাৰিখৰ পৰা ১৬ মাৰ্চ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শদিয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী দেউৰী গাঁৱত উদযাপন কৰিছে৷ “গিৰা-গিৰাচি মেচ্চু” সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক "গিৰা-গিৰাচি মেচ্চু" মহোৎসৱৰ প্ৰথম দিনটোত পুৱা পতাকা উত্তোলন কৰে "গিৰা-গিৰাচি মেচ্চু" কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই৷ ইয়াৰ পাছতে সমজুৱাকৈ "ভকত চাউল হাৰেবা" অৰ্থাত দেউৰী সকলৰ ধৰ্মীয় পৰম্পৰা অনুসৰি মাংগলিক পূজাৰে সমজুৱাকৈ ভোজ-ভাত খায়৷ এই পৰম্পৰা ফাগুন মাহৰ শেষৰটো মঙলবাৰে পালন কৰে দেউৰী জনগোষ্ঠীয় লোকসকলে৷ সন্ধিয়াৰ পৰা উৰে নিশা দেউৰী জনগোষ্ঠীৰ ডেকা গাভৰু, পুৰুষ মহিলা একেলগে বিহু গাই নৃত্য কৰে৷ জানিবলৈ দিয়ামতে ফাগুনৰ পাছত পহিলা চতৰ পৰাই দেউৰী সকলে হেপাৰ ৰঙালী বিহুটিক আদৰণি জনায়৷ জনগোষ্ঠীটোৰ নিজা ধৰ্ম,কলা-কৃষ্টি,পুৰণি খেলসমূূহ বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰি জাতীয় পৰিচয়  দাঙি ধৰাৰ উদ্দেশ্যৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হয় বুলি আয়োজক সকলে জানিবলৈ দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।