বৰভাগ মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ উদ্যোগত মহাঋষি অৰবিন্দৰ আলোকত সংস্কৃতিত ধৰ্ম আৰু দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান

 03/16/2023 - 17:52
 
 
বাহাৰঘাটঃ আজি নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয় সভাগৃহত দিনৰ বাৰবজাত ইণ্ডিয়ান কাউঞ্চিল অৱ ফিলোচফিকেল ৰিচাৰ্ছৰ অৰ্থ সাহাৰ্য্যত মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰুপন কোষৰ সহযোগত মহাঋষি অৰবিন্দৰ আলোকত সংস্কৃতিত ধৰ্ম আৰু দৰ্শন ভাৰতবৰ্ষ আৰু প্ৰাশ্চাত্য শীৰ্ষক বক্তৃতা অনুষ্ঠান হৈ যায়৷ অনুষ্ঠানত মুখ্যবক্তা হিচাবে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ অনুবাদ সাহিত্য একাডেমি বটাঁপ্ৰাপ্ত দিগন্ত বিশ্ব শৰ্মা৷ বক্তব্যত শৰ্মাই কয় যে মানুহৰ সৃজনী আত্মা প্ৰকাশ আছে সেইবাবেই মানুহে কবিতা লিখে গীত গাই৷ তেওঁ কয় যে এটা জাতিক জানিব লাগিলে সেই জাতিৰ ধৰ্ম আৰু দৰ্শন জানিব লাগিব৷মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল ডেকাই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা বক্তৃতানুষ্ঠান আদৰণি ভাষন দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ ড°বিৰিঞ্চি চৌধুৰীয়ে৷ মহাবিদ্যালয় আন কিউ চেলৰ সমন্বয়ক অনুপম দত্তই আতধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড°কৰুনা কান্ত বৰুৱাই ও অংশগ্ৰহণ কৰে৷ বক্তৃতাৰ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী,ছাত্ৰছাত্ৰী আৰু নলবাৰী এম এন চি বালিকা মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী ও অংশগ্ৰহণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.