অসমৰ আদিবাসীসকলৰ বাবে বাজেটত চাৰিটাকৈ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰক ধন্যবাদ আদিবাসী ছাত্ৰ সন্থাৰ

 03/16/2023 - 19:37
 
 
 
অসম চৰকাৰে দাখিল কৰা বাজেটত অসমৰ আদিবাসী জনগোষ্ঠীৰ উন্নয়নৰ বাবে আদিবাসী চুক্তিৰ ৩.১ অনুযায়ী ওৱেলফিয়াৰ এণ্ড ডেভেলপমেন্ট কাউঞ্চিল, ৪ নং দফা অনুযায়ী এডুকেশ্বন এণ্ড ডেভেলপমেন্টত ৩ শতাংশ, আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদ গঠনৰ বাবে যিবোৰ বাজেটত ধৰা হৈছে তাৰ বাবে আনন্দিত হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থাৰ লগতে অসমৰ আদিবাসী সমাজ৷সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই বাজেটখন চাহ শ্ৰমিক আৰু আদিবাসীসকলৰ বাবে সকাহ,এয়া এখন পূৰ্ণাংগ বাজেট বুলি মন্তব্য কৰে৷আদিবাসী সকলৰ সৈতে হোৱা চুক্তিৰ চাৰিটাকৈ দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনায় আদিবাসী ছাত্ৰ সন্থাই৷লগতে আদিবাসী সমাজৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ বাবে বিজেপি চৰকাৰৰ শলাগ লোৱাৰ উপৰিও গৌৰৱ অনুভৱ প্ৰকাশ কৰে৷ যাৰবাবে আজি মানাহৰ ফাতেমাবাদ চাহ বাগিচাত আদিবাসী সমাজে ফটকা ফুটাই নৃত্য পৰিবেশন কৰি মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনি দি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।