বটদ্ৰৱাঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় অধীনস্থ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত নগাঁও জিলা মুক্তাৱ উন্নয়ন সমিতিৰ সহযোগত সোমবাৰে বটদ্ৰৱা সমীপৱৰ্তী চামধৰা আফাজ উদ্দিন ছোৱালী হাই মাদ্ৰাছাত Block Level Neighborhood youth Parliament শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে পুৱা বৃক্ষ ৰোপণ,ছাফাই অভিযান,পলিথিন মুক্ত সমাজ আৰু যোগ প্ৰশিক্ষণ প্ৰদান কৰে।
কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষ ৰোপণেৰে শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধীক্ষক প্ৰহ্লাদ চন্দ্ৰ দাস আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি মাজিদুল ইছলামে। পিছত বিদ্যালয়ৰ ছাত্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা ছাফাই অভিযানৰ শেষত জ্যেষ্ঠ যোগ প্ৰশিক্ষক প্ৰভাত চন্দ্ৰ বৰা আৰু নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্চাসেৱক তথা যোগ প্ৰশিক্ষক নয়না ৰাজকুমাৰীয়ে যোগৰ প্ৰশিক্ষণ প্ৰদান কৰে।
দুপৰীয়া নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে সঞ্চালন কৰা মুকলি সভাত জ্যেষ্ঠ শিক্ষক তথা সমাজ সেৱক আব্দুছ ছালাম, মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষয়ত্ৰী ৰহিমা খাতুনে যুৱ নেতৃত্ব আৰু স্বাস্থ্য সুৰক্ষাৰ লগতে স্বচ্ছতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।