কলগাছিয়াৰ বৰভিটাত ওৱেলফাৰ ছোছাইটিৰ সহযোগত "নাৰায়ণা চুপাৰস্পেচিয়েলিটি হাস্পতাল"ৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

 03/19/2023 - 18:33
 
 
 
 
 
কলগাছিয়াঃ বৰপেটাৰ জিলাৰ কলগাছিয়াৰ বৰভিটাত নতুনকৈ গঢ়লৈ উঠা "বৰভিটা ওৱেলফাৰ ছোছাইটি"ৰ সহযোগত আজি "নাৰায়ণা চুপাৰস্পেচিয়েলিটি হাস্পতাল" গুৱাহাটী য়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আগবঢ়ায়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত মেডিচিন, হৃদৰোগ, দাঁত,শিশু বিশেষজ্ঞ সহ কেইবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ পৰা চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ লাভ কৰি ৰোগীৰ সকলে "নাৰায়ণা চুপাৰস্পেচিয়েলিটি হস্পিতাল"ৰ চিকিৎসক আৰু "বৰভিটা ওৱেলফাৰ ছোছাইটি"ৰ সকলো সদস্যক কৃতজ্ঞতাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।