পিপলচ ডেভেলপমেন্ট চ'চাইটি, মাৰ্ঘেৰিটাৰ উদ্যোগত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন মাৰ্ঘেৰিটাঃ আজি মাৰ্ঘেৰিটাৰ ইন্ডিয়া ক্লাবত পিপলচ ডেভেলপমেন্ট চ'চাইটি মাৰ্ঘেৰিটাৰ উদ্যোগত প্রথম প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে ২০২২ চনৰ ১৮ মার্চ তাৰিখে মাৰ্ঘেৰিটাত সমা

 03/19/2023 - 18:54
 
 
মাৰ্ঘেৰিটাঃ আজি মাৰ্ঘেৰিটাৰ ইন্ডিয়া ক্লাবত পিপলচ ডেভেলপমেন্ট চ'চাইটি মাৰ্ঘেৰিটাৰ উদ্যোগত প্রথম প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে ২০২২ চনৰ ১৮ মার্চ তাৰিখে মাৰ্ঘেৰিটাত সমাজ সেৱাৰ হেঁপাহ আৰু লক্ষ সন্মুখত ৰাখি নিষ্ঠাৰে জনসেৱা আগবঢ়ায় নিয়াৰ উদ্দেশ্যৰে গঠন হৈছিল পিপলচ ডেভলপমেন্ট চচাইটি নামেৰে এক বেচৰকাৰী সংস্থা (এনজিঅ)। প্রতিষ্ঠাৰ দিনৰ পৰাই সমাজৰ বিভিন্ন দিশত কাম কৰি ৰাইজৰ সমর্থন বুটিবলৈ সক্ষম হৈছে। বর্তমান এই সংস্থাৰ এটা বছৰ সম্পূর্ণ হৈছে। সেই উপলক্ষে ১২ মাৰ্চ দেওবাৰ চেগুনবাৰী এলপি স্কুলত জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰিও আজি দিনজোৰা কাৰ্যসূচীৰে খন খন ল'ৰা-ছুৱালীৰ মাজত জিলা ভিক্তিক নৃত্য ও থলুৱা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক পোচাক পৰিধান প্ৰতিযোগীতাৰ আয়োজন। যত বিভিন্ন অঞ্চলৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰে। পিপলচ ডেভেলপমেন্ট চ'চাইটিৰ কাৰ্যসূচী উঠি অহা নব প্ৰজন্মৰ মাজত নিজৰ সংস্কৃতি তথা চিত্ৰকলা, সংগীত, আৰু নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি একাংশই ব্যক্ত কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।