অসম চৰ পৰিষদৰ সহযোগত দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত আইনী সজাগতা ও পৰামৰ্শমূলক সভা

 03/20/2023 - 12:21
 
 
নগৰবেৰাঃ বাঘবৰৰ আলিপতি মাজৰচৰ বজাৰত অসম চৰ পৰিষদৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত বাল্য বিবাহ, ভূমি নীতি ২০১৯ আৰু উচ্ছেদ সম্পৰ্কীয় আইনী সজাগতা অৰু পৰামৰ্শমূলক সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হান্নানুল আহমেদে বাল্য বিবাহ নিষিদ্ধকৰণ আইন ২০০৬,ৰাইজে সহজে বুজি পোৱাকৈ লিখা অসমীয়া অনুবাদখন উন্মোচন কৰে।লগতে অনুষ্ঠানত উপস্হিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহনাৱাজ স্বেখ প্ৰশ্নকাকত লিক আৰু পৰীক্ষা বাতিল হোৱা সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা বাবে প্ৰথমে দোষ চৰকাৰৰ, ২য় দোষ ছেবাৰ আইনক লৈ মানুহক অশান্তি দিয়াত এইখন চৰকাৰ ১ নম্বৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে অকল শিক্ষা মন্ত্ৰীক দোষাৰূপ কৰিলে ন'হব কিয়নো মন্ত্ৰী জনে কাৰ নিৰ্দেশত চলে নিশ্চয় মুখ্যমন্ত্ৰীৰ গতিকে ইয়াৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে দায়ীআনহাতে প্ৰশ্ন কাকত কাৰ ভুলৰ বাবে ক'ত আৰু কেনেকৈ ফাদিল হল তাৰ তদন্ত কৰি ৰাজহুৱা কৰিব লাগে বুলিও দাবী জনায়৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।