টীয়কত পৌৰ কৰৰ বিৰুদ্ধে ৰাইজৰ বৃহৎ নাগৰিক সভা

 03/20/2023 - 13:27
 
 
 
 
 টীয়কঃ ৰাজ্যত পৌৰসভাৰ আবাসীকসকলৰ ওপৰত চৰকাৰে যি বৰ্ধিত হাৰত কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে তাৰ বিৰুদ্ধে দেওবাৰে বিয়লি টীয়কৰ নাগৰিক সমিতিৰ উদ্যোগত এখন বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। উক্ত সভাতে চৰকাৰৰ তথা স্থানীয় পৌৰ সভাৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে  চৰকাৰ তথা পৌৰসভাৰ বিৰূদ্ধে শ্ল’গানেৰে উত্তাল কৰে টীয়ক৷ টীয়ক পৌৰসভাই আবাসিক সকলক বিশুদ্ধ খোৱাপানী, উন্নত বাটপথ, ষ্টিত লাইট, শিশুসকলৰ বাবে শিশু উদ্যান, এখন খেলপথাৰ আদি একো নিম্নতম সুবিধাও দিব নোৱাৰা পৌৰ সভাক এই কৰ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷ আৰু পৌৰসভাই এই সিদ্ধান্ত পুনৰ বিবেচনা নকৰিলে। এক গনতান্ত্ৰীক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।