নাজিৰাত দিখৌ কাৰাটে ক্লাবৰ শুভ উদ্বোধন

 03/20/2023 - 14:14
 
 
নাজিৰাঃ নাজিৰা নগৰৰ মাজমজিয়াত কিশোৰ-কিশোৰীৰ শাৰীৰিক, মানসিক বিকাশৰ উদ্দেশ্য আগত ৰাখি কেইগৰাকীমান প্ৰতিভাৱান যুৱকে গঢ়ি তুলিছে এক কাৰাটে ক্লাৱ। এই কাৰাটে ক্লাৱৰ নাম দিছে দিখৌ কাৰাটে ক্লাৱ। নাজিৰা নগৰৰ HDFC বেংকৰ ওপৰত অতি আড়ম্বপূৰ্ণভাৱে এই দিখৌ কাৰাটে ক্লাৱৰ উদ্বোধন কৰা হয়। এই দিখৌ কাৰাটে ক্লাৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাজিৰা পৌৰসভাৰ উপপৌৰপতিৰ, নাজিৰা ৫নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ লগতে কেইবাগৰাকীয়ো কাৰাটে খেলৰ প্ৰশিক্ষক আৰু খেলুৱৈ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।