কল্যাণী দেৱালয়ত বাসন্তী পূজাৰ মহা আয়োজন

 03/20/2023 - 14:38
 
 
 গহপুৰঃ গহপুৰৰ দিপৰাত অৱস্থিত অসমৰ অন্যতম জগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী মা-কল্যাণী দেৱালয়ত মা-বাসন্তী পূজাৰ মহা আয়োজন। প্ৰচলিত ৰীতি অনুসৰি মা দুৰ্গাক আৰাধনা কৰা পূজাকে মা-বাসন্তী পূজা বুলি কোৱা হয়। প্ৰতিটো বছৰতে শাৰদীয় দুৰ্গোৎসৱ ঊলহ-মালহেৰে উদযাপন কৰা শ্ৰী শ্ৰী মা-কল্যাণী দেৱালয়ত অনুষ্ঠিত কৰা হ'ব মা-বাসন্তী পূজা। বৈদিক ৰীতি নীতিৰে আয়োজন কৰা শ্ৰী শ্ৰী মা-কল্যাণী দেৱালয়ৰ বাসন্তী পূজা ভাগ অহা ইং ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে মহা অষ্টমীৰ দুৰ্গোৎসৱৰ দৰে মা-কল্যাণীৰ মহা অষ্টমীৰ দিনতোটো বলি বিধান সম্পাদন কৰা হ'ব। সেই উপলক্ষে মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰাৰ লগতে মা-বাসন্তীৰ পূজা ভাগত ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগীতা কামনা কৰি নিমন্ত্ৰণ আগবঢ়াইছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।