জাগীৰোড আৰক্ষীৰ সফল অভিযানঃ তিনিখন নকল সোণৰ নাওসহ চাৰিজনক আটক

 03/20/2023 - 16:28
 
 
 
 
জাগীৰোডঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ ইয়াৰ সমান্তৰালভাৱে জাগীৰোড আৰক্ষীয়ে দেওবাৰে অভিযান চলাই নকল সোণৰ নাওসহ চাৰিজনক  ভাড়াঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন লোক কেইজন হ’ল ক্ৰমে উত্তৰ লক্ষিমপুৰৰ আবু তাহেৰ,কাহিকুছি ফাইজুল ইছলাম, কামৰূপ মেট্ৰৰ ৰিংকু মণি আলী আৰু ধৰমতুলৰ জাহিদুল ইছলাম বুলি জাগীৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আনহাতে আটকাধীন লোক কেইজনৰ পৰা ছটাকৈ ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষী৷ বৰ্তমান অধিক তথ্যৰ বাবে লোক কেইজনক সোধ-পোছ কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।