কামৰূপৰ বাৰাংহাটীত অনুষ্ঠিত বিহু কৰ্মশালা

 03/20/2023 - 19:57
 
 
বাহাৰঘাটঃ হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাথো এটা মাহ।ইতিমধ্যে সমগ্ৰ অসমতে বিহুটিক আদৰিবলৈ ঢোলৰ গুমগুমনি।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।ৰাজ্যৰ সমান্তৰালকৈ কামৰূপৰ বাৰাংহাটীতো অনুষ্ঠিত হৈছে বিহু কৰ্মশালা।৫৭ তম্ বৃহত্তৰ বাৰাংহাটী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈছে দহদিনীয়াকৈ বিহু কৰ্মশালা।নৱ প্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ লোৱা এই প্ৰচেষ্টাক শলাগিছে সকলোৱে।।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।