দিন-দুপৰতে গেলেকীৰ চাৰিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান

 03/21/2023 - 14:42
 
 
 
নাজিৰাঃ গেলেকী চাৰিআলিস্থিত ৰহমান ইলেকট্ৰনিকছ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনত চোৰে চলালে চাফাই অভিযান৷ চোৰৰ সমগ্ৰ ঘটনা বন্দী হৈছে দোকানৰ CCTV কেমেৰাত। ব্যৱসায়িক প্ৰতিষ্ঠানত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান৷ কেইবাহাজৰ টকাৰ লগতে মূল্যবান মোবাইল ফোন লৈ উধাও হয় চোৰ। যোৱাকালিৰ আবেলি প্ৰায় 5 মান বজাত ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকীয়ে দুপৰীয়া আহাৰ খাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকীজনে গেলেকী থানাত এই বিষয়ে এখন এজাহাৰ দাখিল কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।