APDCL কৰ্মীৰ প্ৰতিবাদত উত্তাল হাওৰাঘাট, সংস্থাপনৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

 03/21/2023 - 17:00
 
 
হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ APDCL ৰ হাওৰাঘাট উপ সংমণ্ডল কাৰ্যালয় চৌহদত Assam stat outsource power worker's union ৰ কৰ্মীসকলে সোমবাৰে চাকৰি নিয়মীয়া কৰনকে ধৰি মুঠ ১১ টা দাবী জনায় ১২ ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰা লগতে ২৪ ঘণ্টাৰ বাবে কলম আৰু সঁজুলি বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই প্ৰতিবাদৰ জৰিয়তে বিগত বহু বছৰৰ পৰা অস্থায়ীভাবে খাটি থকা মিটাৰ ৰিডাৰ "পিয়ন চকীদাৰকে ধৰি সমূহ কৰ্মীক চৰকাৰে নিয়মীয়া কৰণ কৰিব লাগে বুলি দাবী জনায়৷ ইয়াৰ লগতে নিয়মীয়া কৰণ নোহোৱা পৰ্যন্ত সম কাম আৰু সম মজুৰিৰ ব্যৱস্থা কৰিব লাগে৷ বাচনি পৰীক্ষা অনুস্থিতি নকৰি কৰ্মক মৰ্যদা প্ৰদান কৰি নিযুক্তি দিব লাগে৷ ব্যক্তিগত কৰণ বন্ধ কৰিব লাগে আৰু এই দাবী সমূহকে ধৰি কৰ্মী সকলে মুঠ ১১ টা দাবী উত্থাপন কৰি বিভাগীয় ঊৰ্ধতম কৰ্তৃপক্ষলৈ একোখনকৈ স্মাৰক পত্ৰ ও প্ৰদান কৰে৷ চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি নজনালে অনাগত দিনত এক জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আত্মজাহ দিয়াৰো হুংকাৰ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।