ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ গুৰুতৰ অভিযোগ

 03/21/2023 - 19:13
 
 
 
 
সমগ্ৰ দেশতে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাত ছে হাত জোৰো অভিযান আৰম্ভ কৰিছিল। অসমতো কংগ্ৰেছ নেতৃত্বৰ দ্বাৰা এই অভিযান আৰম্ভ কৰা হৈছিল। আজি ৰঙিয়াৰ কেইবাঠাইত কংগ্ৰেছৰ নেতৃত্বত এই কাৰ্যসূচী পালন কৰা হয়। ৰঙিয়াৰ গ্ৰাম্য ব্লক কংগ্ৰেছৰ উদ্যোগত উদিয়ানা গাঁৱত ইয়াৰ লগত সংগতি ৰাখি এখন সভা আৰু সমদল উলিয়াই। "আহ ঐ আহ ওলাই আহ অসমৰ পৰা বিজেপি আৰু এ আই ইউ ডি এফক খেদ"-এই শ্লোগানেৰে কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি তুংগত কৰি তুলিছে। আনহাতে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক ৰাইজে বিদায় দিব বুলি মন্তব্য কৰে। কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি কংকণ দাসে ৰাজ্যিক বিজেপি ভবেশ কলিতাৰ ভাগিনয়েকে ছিণ্ডিকেত কৰা বুলি অভিযোগ কৰে। ভবেশ কলিতাৰ ভাগিনীয়েক জিতু দাসে ভবেশ কলিতাৰ আশীৰ্বাদ পুষ্ট হৈ কাঠ আৰু ম'হৰ ছিণ্ডিকেট কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।