এখন বিদ্যালয়ৰ জন্মকথা

 03/22/2023 - 12:22
 
 
এখন বিদ্যালয়ৰ শুভ উদ্বোধন হ’ল৷ কামৰূপ গ্ৰাম্যৰ সীমামূৰীয়া বৃহত্তৰ বৰ্ণিবাসীৰ বহুদিনীয়া অভাৱ দূৰ কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত পৰিকাঠামো গঢ়ি আধুনিক শিক্ষা জগতৰ লগত সামঞ্জস্য ৰক্ষা কৰি সু-নাগৰিক তথা মানৱ সম্পদ গঢ়ি তুলিবলৈ আৰম্ভ হ’ল বিদ্যালয়খন বৰ্ণিত ব্ৰাইট ফিউছাৰ পাব্লিক স্কুল নামৰ এখন অত্যাধুনিক সাসুবিধা থকা শৈক্ষিক প্ৰতিষ্ঠান। অঞ্চলটোৰ এচাম উচ্চ শিক্ষিত, উদ্যোমী, সমাজসেক, ভৱিষ্যত দিক-দৰ্শকৰ বিভিন্ন আলোচনা তথা সমূহীয়া সিদ্ধান্তত সম্পূৰ্ণ ব্যক্তিগত শাখাৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হয়৷ প্ৰাক প্ৰাথমিকৰ পৰা ষ‌ষ্ঠ শ্ৰেণীলৈ আৰম্ভ কৰা বিদ্যালয়খনৰ নজৰুল হকক মুখ্য উপদেষ্টা, ৰহমত আলীক সভাপতি, খোৱাজ উদ্দিন আহমেদক সম্পাদক হিচাপে লৈ গঠিত প্ৰায় ১১জনীয়া শক্তিশালী কমিটিখনে৷ বিভিন্ন ঘাট-প্ৰতিঘাত নেওচি দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত বিদ্যালয়খনে পূৰ্ণতা লাভ কৰে৷ যোৱা ১৯ মাৰ্চত শুভ বিদ্যালয়খন ফিটা কাটি উদ্বোধন কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সহ-অধ্যাপক ড০ আবুল কালাম চৌধুৰীয়ে। উদ্বোধনী ভাষণত এয়া বৰ্ণিবাসী তথা পাৰ্শ্বৱৰ্তী গাঁওসমূহৰ বাবে এগছি উজ্বল বন্তি তথা মূল্যবান গছপুলি বুলি অভিহিত কৰি ভৱিষ্যত প্ৰজন্মৰ বাৱে ফলে মূলে জাতিস্কাৰ কৰি তুলিৱ বুলি কয়। বৰ্নি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয়নাল আবেদিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে প্ৰতিবিম্ব লাইভৰ সঞ্চালক ,তফিক উদ্দিন আহমেদ,নিৰ্দিষ্ট বক্তা হিচাপে,বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা,ডক্টৰ নুৰচাহেদ আলী,বাউসী বাণীকান্ত মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ভবজিৎ বায়ন বিশিষ্ট অতিথি হিচাপে হাজো অগ্নি নিৰ্বাপক কেন্দ্ৰৰ উপ বিষয়া,দীলিপ তালুকদাৰ, হাজো(গেৰুৱা) কৃৰ্ষি গৱেষণা কেন্দ্ৰৰ এ ডি অ, চৈয়দ জাকিৰ হুছেইন, হাজো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুপণ্ডিত মাহটো, বৰ্ণি হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী মমতাজাৰা বেগম উপস্থিত থাকে। মঞ্চত উপস্থিত আটাইবোৰ সন্মানীয় অতিথি কেফূলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। আমন্ত্ৰিত অতিথি হিচাপে চি আৰ চি বলেন বৈশ্য, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নাছিম আহমেদ, জনপ্ৰিয় সংগীত শিল্পী নেকিৱ উপস্থিত থাকে। নিৰ্দিষ্ট বক্তাৰ ভাষণত ড° নুৰচাহেদ আলীয়ে কয় বিদ্যালয় গঢ়াটো বৰ কষ্টকৰ কিন্তু ইয়াক জীয়াই ৰখাটো আৰু গুণগত শিক্ষা প্ৰদান কৰাটো তাতকৈ বেছি কষ্টৰ। ই হ’ল প্ৰবাহিত দান,এই দান চিৰস্থায়ী,ইয়াৰ বাবে ৰাইজ আৰু পৰিচালনা সমিতিৰ অত্যন্ত গুৰু দায়িত্ব।আৰু সহায় সহযোগিতাৰ প্ৰয়োজন। যি  সমাজ আৰু সূশিক্ষাই মানৱতাক সৰোগত কৰি দেশ ,জাতি,পৰিয়াল আৰু সমাজক সেৱা দিৱ পাৰে। অভিভাৱকে আদৰ্শ দেখুৱাই ল'ৰা ছোৱালীক অনুশাসন দিব লাগিব। মুকলি ভাষণত উদ্বোধক, আবুল কালাম চৌধুৰীয়ে কয় যে এয়া আধুনিক শিক্ষাৰ এক নৱ জাগৰণ।শিক্ষা গ্ৰহণ কৰাটো প্ৰত্যক নৰ-নাৰীৰ কাৰণে জৰুৰী।সাংবিধানিক বিধি বিধান ও আছে। পৃথিৱীৰ প্ৰথম শিক্ষক মাতৃ সকল।। মাতৃসকল সজাগ আৰু দায়িত্বশীল হলেহে ল'ৰা ছোৱালী ভাল হ’ব।এজনী জ্ঞানী আৰু শিক্ষিত মাতৃ হেজাৰজন শিক্ষকতকৈও শ্ৰেয়।আমন্ত্ৰিত অতিথিৰ ভাষণত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নাছিম আহমেদে ,শিক্ষাৰ বাৱে খেল আৰু মনোৰঞ্জনৰ অতিকৈ প্ৰয়োজন। যিয়ে শিশুৰ মানসিকতা পৱিত্ৰ আৰু সৱল কৰি তোলে।আন এজন নিৰ্দিষ্ট অতিথিৰ ভাষণত,ভৱজিৎ বায়নে,এখন বিদ্যালয়ৰ শুভাৰম্ভনী কৰাটো সমাজ জাতি আৰু দেশৰ কাৰণে অতিকৈ মঙ্গল।এই বিদ্যালয়ে জ্ঞানৰ দীপ্তিৰে ভবিষ্যত প্ৰজন্মক সামৰ্থবান কৰি শিশু সকলক সফলতালৈ আগুৱাই লৈ যাৱ লাগে।শিশুক শ্ৰদ্ধা আৰু কৃতজ্ঞতা শিকাৱ লাগে।,ইয়ে স্বৰ্ণশৌধ নিৰ্মান কৰে। শাস্ত্ৰ শ্ৰদ্ধা,গুৰু শ্ৰদ্ধা আৰু আত্মশ্ৰদ্ধা,মুখ্য অতিথিৰ ভাষণত প্ৰতিবিম্ব লাইফৰ সঞ্চালক তফিক উদ্দিন আহমেদে বিভিন্ন সময়োপযোগী উপমাৰে আজিৰ দিনত বৰ্ণি অঞ্চলত এনেকুৱা এখন বিদ্যালয় উদ্ধোধনী কৰাটো অতিকৈ মহৎ কাম বুলি উল্লেখ কৰে। প্ৰত্যেক শিক্ষক আৰু অভিভাৱকে  মাৰ্কৰ পিছত দৌৰাতকৈ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ ৰূপে গঢ়ি তোলাৰ লগতে স্ব -নিৰ্ভৰ শীলতাৰ শিক্ষা দিৱলৈ আহ্বান জনায়।কবি কমলাকান্ত ভট্টাচাৰ্য্যৰ জীয়াৰীৰ উপমাৰে সকলো সভা সদৰ মন মগজু চুবলৈ সক্ষম হয়।আন এজন অতিথি এ ডি অ চৈয়দ জাকিৰ হুছেইনে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সুসমন্ময়ৰ কথা দোহাৰি সকলোকে আহ্বান জনায়।
মুখ্য উপদেষ্টাৰ ভাষণত নজৰুল ইছলামে অ আখৰ, স আখৰ আৰু ম আখৰৰ বিতং বৰ্ণনাৰে অতি তাত্বিক আৰু গভীৰভাৱে অভিভাৱক ,সমাজ সচেতন আৰুছাত্ৰ ছাত্ৰীক আহ্বান জনায়। শেষত জনপ্ৰিয় কণ্ঠশিল্পী নেকিৱ আহমেদে, অঞ্চলটোৰ এনেকুৱা অনুষ্ঠানে সমগ্ৰ বৰ্ণিবাসী তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভাৱে গৌৰৱৰ কথা ,আৰু ভৱিষ্যত শিক্ষা জগতত নৱ প্ৰজন্মৰ বাৱে সুদূৰ প্ৰভাৱ বিস্তাৰ কৰিব।
উৱাজ উদ্দিন আহমেদ
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।