যোগীঘোপাঃ এয়া যেন বাৰিষাৰ বতৰ। খেয়ালি প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদানেৰে আকাশ শুভ্ৰ কৰি তোলে বগলীৰ জাকে। আগলি বাঁহত জাকে জাকে বগলী৷ গছৰ ডালত বাহ সাজিছে বগলীয়ে৷ এক নয়নাভিৰাম- মনোমোহা দৃশ্য৷ পখীৰ কোলাহলত যেন প্ৰাণ পাই উঠিছে সেউজীয়াবোৰে৷ জাক জাক বগলীয়ে মেলা পাতিছে যোগীঘোপাৰ কটাশবাৰী গাঁৱত। কটাশবাৰী গাঁৱত শুভ্ৰ বসনৰ মেলা পাতিছে শ শ বগলীয়ে। বহু বাটৰুৱাই তধা লাগি চায় বগলীৰ বাঁহনিখনলৈ। বিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীৰে মুখৰিত হৈছে যোগীঘোপাৰ কটাশবাৰী গাঁও৷
যি সময়ত একাংশ অসাধু লোকে বিলুপ্তপ্ৰায় বনৰীয়া দেশী বিদেশী চৰাই সমূহ বিভিন্ন কৌশলেৰে ধৰি বজাৰত অবাধে বিক্ৰী কৰি আহিছে ঠিক তেনে সময়তে যোগীঘোপাৰ কটাশবাৰী গঞা ৰাইজে বিভিন্ন প্ৰজাতিৰ বগলীক সুৰক্ষা প্ৰদান কৰি পক্ষীপ্ৰেমৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে। বগলীৰ কলকলনীৰে মুখৰিত যোগীঘোপাৰ কটাশবাৰী গাঁওখনৰ প্ৰত্যেক ঘৰৰ বাঁহনি বাৰীসমূহ বিভিন্ন প্ৰজাতিৰ বগলীৰ বাবে এক সুৰক্ষিত বাসস্থান হৈ পৰিছে। দিনৰ ভাগত জাকে জাকে এই বগলীবোৰ উৰি গৈ গাঁওখনৰ খাল,বিল,পুখুৰী, জলাশয় বোৰত খাদ্য সংগ্ৰহ কৰা দৃশ্যই বাৰে বাৰে আকৰ্ষণ কৰে পক্ষীপ্ৰেমীসকলক৷
প্ৰায় ২০ বছৰ ধৰি এইখন গাঁৱত এনেকৈ আছে বগলী বোৰ। সম্প্ৰতি এই গাঁওখনত দিনে নিশাই এতিয়া বগলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায়। কিন্তু গাঁৱখনত বছৰ বছৰ ধৰি আশ্ৰয়গ্ৰহণ কৰি বংশ বৃদ্ধি কৰা বগলীবোৰ একাংশ মাংসলোভী চিকাৰীৰ পৰা সুৰক্ষিত নহয়৷ বগলী চিকাৰ কৰিবলৈ অহা এনে মাংসলোভী চিকাৰীবোৰক বাধা প্ৰদান কৰিবলৈ গৈ প্ৰায়েই গাঁৱখনৰ ৰাইজ সংঘাতত লিপ্ত হ'বলগীয়া হয় বুলি অভিযোগ কৰে গাঁওবাসীয়ে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে ৰাইজে এই পক্ষীকূলৰ সুৰক্ষাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে৷