নাজিৰাৰ শিমলুগুৰি লোণপুৰীয়া বৰনামঘৰৰ শতবৰ্ষ সামৰণি অনুষ্ঠান আৰু বাৰ্ষিক ৰাজহুৱা সবাহ-ভাওনা

 03/22/2023 - 13:43
 
 
 
নাজিৰাঃ নাজিৰাৰ শিমলুগুৰি লোণপুৰীয়া বৰনামঘৰৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব শতবৰ্ষ সামৰণি অনুষ্ঠান। উদযাপন সমিতিৰ সংবাদ মেল সম্বোধন৷৩০ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নামঘৰ ভাগিৰ শতবৰ্ষ সামৰণি অনুষ্ঠান৷ মূল ধৰ্মধ্বজাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তোলন কৰা হ'ব এশ খন ধৰ্মধ্বজা।শতবৰ্ষ সামৰণি অনুষ্ঠানত প্ৰদৰ্শিত হ'ব তিনিখনকৈ ভাওনা। ভাওনা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰী যোগেন মহনে। সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰি সংবাদ মেল সম্বোধন উদ্‌যাপন সমিতিৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।