কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা

 03/22/2023 - 15:16
 
 
কৰিমগঞ্জঃ ১৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰীক।কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেটাৰবন্দ এলাকাৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইন জব্দ। নব নিযুক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত ৰাতাবাৰী আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এখন বাহনত (AS/11/EC/2082) মাল গাৰিৰ পৰা তল্লাশি চলাই গোপন চেম্বাৰৰ পৰা ১২১ টাকৈ চাবোনৰ বাকছ ভৰ্তি হিৰোইন উদ্ধাৰ কৰিব লৈ সক্ষম হয়। (উদ্ধাৰ কৃত হিৰোইন খিনিৰ ওজন এক কিলো ৫০০ গ্ৰাম) গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কৈজন হল আব্দুল কালাম, সাজু আহমেদ। বৰ্তমানে আৰক্ষীয়ে সেই সকলক সোধপোছ অব্যাহত ৰাখিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।