ফকিৰগঞ্জত গৰাখহনীয়া পৰিদৰ্শন জিলা উপায়ুক্তৰ

 03/22/2023 - 17:03
 
 
ধুবুৰী জিলাৰ ফকিৰগঞ্জ অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে। আজি জিলা উপায়ুক্ত গৰাকীয়ে ফকিৰগঞ্জ অঞ্চলত চলি থকা জিঅ’ বেগৰ কাম পৰিদৰ্শনৰ লগতে কুশবাৰী সুন্দৰপাৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। বাৰিষাৰ পূৰ্বেই জিঅ বেগৰ কাম সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে ফকিৰগঞ্জ মডেল চিকিৎসালয়খনো পৰিদৰ্শন কৰি আন্তঃগাথঁনিৰ বুজ লয়। দীৰ্ঘদিন ধৰি ভাৰা ঘৰত চলি থকা আইৰকাটা উপ স্বাস্থ্য কেন্দ্ৰখনৰ বাবে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হব বুলিও উল্লেখ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।