মানাহ ৰাষ্ট্ৰীয় উদ্যানত ময়ূৰ পক্ষীৰ ছানি ধৰা দৃশ্যই আপ্লুত কৰি তুলিছে পৰ্যটকক

 03/24/2023 - 12:10
 
 
 
 
 প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য আৰু জীৱ কূলক প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰে দেশী-বিদেশী পৰ্যটক। এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত ময়ূৰ পক্ষীৰ ছানি ধৰা দৃশ্যই পৰ্যটকক আপ্লুত কৰি তুলিছে। এই দৃষ্টিনন্দন দৃশ্য বন্দী হৈছে মানাহৰ ট্যুৰিষ্ট গাইড মানৱ দাস আৰু অবিনাশ বড়োৰ কেমেৰাত। চালে চাই থাকিবলৈ মন যায় ময়ূৰ পক্ষীৰ এই ছানি ধৰা দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনত ময়ুৰ পক্ষীৰ এইসমূহ ছানি ধৰা দৃশ্যই আপ্লুত কৰি তোলে পৰ্যটকসকলক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।