কাকপথাৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপনৰ লাইখুঁটা স্থাপন

 03/25/2023 - 13:56
 
 
 
 
কাকপথাৰঃ ৰাজ্যৰ এটা ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী মৰাণসকল৷ উজনি অসমৰ ঘাইকৈ তিনিচুকীয়া জিলাত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ অন্যতম বসতি প্ৰধান অঞ্চল কাকপথাৰ৷ নিজস্ব ভাষা, কলা-কৃষ্টি, ধৰ্মীয় পৰম্পৰা, সাজপাৰেৰে চহকী মৰাণ জনগোষ্ঠীৰ এটা চহকী অনুষ্ঠান ৰাতিবিহু। দীৰ্ঘদিনৰ পৰা মৰাণ জনগোষ্ঠীয়ে বৃহৎ আয়োজনেৰে কাকপথাৰত ৰাজহুৱাকৈ উদযাপন কৰি আহিছে ৰাতিবিহুৰ অনুষ্ঠান। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ৩ নং কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত দ্বাদশ বাৰ্ষিক ৰাতিবিহু খনি উদযাপনৰ আয়োজন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ আৰু মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ উদ্যোগত কাকপথাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলগীয়া ৰাতি বিহুৰ লাইখুঁটা স্থাপন কৰে৷ সম্পূ্ৰ্ণ মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰে লাইখুটা স্থাপনৰ কাৰ্যসূচী৷ উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে অহা ২৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা ৰাতি বিহুৰ অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাকে ধৰি আন কেইবাগৰাকীও মন্ত্ৰী বিধায়ক, গৱেষক, বিশ্ব বিদ্যালয়ৰ প্ৰাধ্যাপক, আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।