শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটৰ সম্বৰ্ধনা আৰু প্ৰতিভা সন্ধানী ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান

 03/25/2023 - 15:58
 
 
 
 
সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত আজি শিৱসাগৰ যুৱদলত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সম্বৰ্ধনা জনোৱা হয়  । বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানতে বিশেষভাৱে সক্ষম কেইবাগৰাকী ছাত্ৰক হুইল চেয়াৰ প্ৰদান কৰে। ইয়াৰ পিছতে সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত প্ৰকাশিত " উত্তৰণ" নামৰ এখন পুস্তিকা উন্মোচন কৰা হয়।একেটা অনুষ্ঠানতে বিগত সময়চোৱাত অনুষ্ঠিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থী সকলকো পুৰষ্কাৰ প্ৰদান কৰা হয়।অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত সব্যসাঁচী কাশ্যপ , শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° প্ৰকাশ কটকী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।