তিতাবৰৰ বৰহোলাত সদৌ অসম শিশু ভাওনা সমাৰোহ আৰম্ভ

 03/26/2023 - 14:14
 
 
তিতাবৰৰ বৰহোলাত আজিৰে পৰা উদুলি-মদুলি পৰিৱেশত সদৌ অসম শিশু ভাওনা সমাৰোহ আৰম্ভ। ২৬ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই শিশু ভাওনা সমাৰোহ। প্ৰদৰ্শিত হ'ব মুঠ ১৫ খনকৈ শিশু ভাওনা। কেইবা সহস্ৰাধিক ভাওনাপ্ৰেমী ৰাইজক আদৰিবলৈ সাজু উদযাপন সমিতি। আজি পুৱা তোৰণ উন্মোচন, পতাকা উত্তোলন, বৃক্ষ ৰূপণৰ পিছতে আৰম্ভ হৈছে নাম প্ৰসংগ। সন্ধিয়াৰ ৪ বজাৰ পৰা আৰম্ভ হ'ব ভাওনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভাওনাৰ দলে অংশগ্ৰহণ কৰিব সমাৰোহত। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।