টীয়কত মন কি বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 03/26/2023 - 15:26
 
 
 
 
টীয়কঃ টীয়কৰ সমষ্টিৰ অন্তৰ্গত ৫৬ নং বুথৰ মন কি বাত অনুষ্ঠানত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। বুথ সভাপতি বীৰেন বৰুৱাৰ সভাপতিত্বত তথা যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰ শইকীয়াই আঁতধৰা এই মন কি বাত অনুষ্ঠিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, জিলাৰ উপসভাপতি ৰফিক উজ জামান, কলিয়াপানী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা,ৰাষ্ট্ৰীয় কৃষাণ মৰ্চাৰ সদস্য দেৱজিত বৰুৱা,বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্য অসীম বৰুৱা,জিতু হাজৰিকা, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটি প্ৰতিটো বুথতে অনুষ্ঠিত কৰা হয় আৰু এইবাৰ ৯৯ সংখ্যক মন কী বাত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ বিশেষভাৱে উপস্থিত থাকি অনুষ্ঠানটি উপভোগ কৰে।ইপিনে অনুষ্ঠানত পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উক্ত সভাস্থলীত উপস্থিত হৈ ভাৰত মাতাৰ চৰণত পুষ্পাঞ্জলি আগবঢ়াই সেৱা লয়। ইপিনে অনুষ্ঠান উপভোগ কৰি সকলোকে দেশৰ উন্নতিৰ হকে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে অসমত বীৰ লাচিতক লৈ লিখা ৰচনাই যি অভিলেখ সৃষ্টি কৰিলে তাৰ কথাও সদৰি কৰাৰ লগতে অংগ দান মহান দান শীৰ্ষক বিষয়ত দেশৰ জনতাৰ সৈতে কথা পাতি যথেষ্ট ব্যস্ততাৰ মাজতে যি মহানুভৱতা প্ৰদৰ্শন কৰিলে তাক কৃতজ্ঞতা জনায়। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে টীয়কৰ শতবৰ্ষ গৰকা পৰ্বতীয়া গাঁৱৰ নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।